উত্তৰ-পূব ভাৰত
উত্তৰ-পূব ভাৰত | |
---|---|
ভাৰতত উত্তৰ-পূৰ্বাঞ্চলৰ স্থিতি | |
জনসংখ্যা | 38,857,769 |
মাটিকালি | 2,62,230 বৰ্গ কি.মি. (2.6223×1011 বৰ্গ মিটাৰ) |
ঘনবসতি | ১৪৮ /বৰ্গ কিমি |
সময় স্থান | IST (UTC 5:30) |
ৰাজ্য আৰু অঞ্চল | অৰুণাচল প্ৰদেশ, অসম, মণিপুৰ, মেঘালয়, মিজোৰাম, নাগালেণ্ড, ছিক্কিম, ত্ৰিপুৰা |
বৃহৎ নগৰসমূহ (২০০৮) | গুৱাহাটী, ডিমাপুৰ, আগৰতলা, ছিলং, আইজল, |
ধৰ্ম | খ্ৰীষ্টান, বৌদ্ধ, হিন্দু, ইছলাম |
উত্তৰ-পূব ভাৰত বুলিলে ভাৰতৰ একেবাৰে পূবদিশত থকা সাতভনী ৰাজ্যসমূহ, ছিক্কিম আৰু উত্তৰ বংগৰ কিছু অংশক (দাৰ্জিলিং, জলপাইগুৰি আৰু কোচবিহাৰ জিলা) বুজোৱা হয়। গোষ্ঠীগতভাৱে এই অংশ ভাৰতৰ আন ঠাইতকৈ পৃথক। পূব এছিয়া আৰু দক্ষিণ-পূব এছিয়াৰ লগত ইয়াৰ জাতিগত আৰু সাংস্কৃতিক মিল আছে, আৰু সংস্কৃতকৰণৰ পৰা আঁতৰত থকা কুকি বা অন্যান্য কিছুমান জনগোষ্ঠীও দেখিবলৈ পোৱা যায়। ভাষাতাত্ত্বিক দিশৰ পৰা এই অঞ্চলত তিব্বতীয়-বাৰ্মীয় ভাষাৰ প্ৰভাৱ দেখা যায়। এই আঠখন ৰাজ্যক অধিকাৰিকভাৱে এটা সুকীয়া শ্ৰেণীৰ স্বীকৃতি দিয়া হৈছে: উত্তৰ পূব পৰিষদ (North Eastern Council-NEC)[1] ১৯৭১ চনত উত্তৰ-পূৰ্বাঞ্চলৰ আৰ্থিক আৰু সামাজিক উন্নয়নৰ বাবে গঠন কৰা হয়; North Eastern Development Finance Corporation Ltd (NEDFi)[2] গঠন কৰা হয় ১৯৯৫ চনৰ ৯ আগষ্টত, আৰু ২০০১ চনৰ চেপ্টেম্বৰত Ministry of Development of Northeastern Region (DoNER)[3][4] গঠন কৰা হয়।
উত্তৰ-পূবৰ ৰাজ্যসমূহৰ ভিতৰত ছিক্কিমে ১৯৪৭ চনত ভাৰতৰ অধীনস্থ ৰাজ্য আৰু ১৯৭৫ চনৰ পূৰ্ণাঙ্গ ৰাজ্যৰ স্বীকৃতি পায়। ২১-৪০ কি:মি: গড় প্ৰস্থতাৰ পশ্চিম বংগৰ শিলিগুৰি ক'ৰিডৰে উত্তৰ পূৰ্বাঞ্চলক ভাৰতৰ আন ঠাইৰ লগত সংযোগ কৰিছে। উত্তৰ পূৰ্বাঞ্চলৰক ২০০০তকৈও অধিক কি:মি: দৈৰ্ঘ্যৰ সীমাই আন দেশ যেনে- নেপাল, চীন, ভূটান, ম্যানমাৰ আৰু বাংলাদেশৰ পৰা পৃথক কৰিছে। উত্তৰ-পূব ভাৰত আঠখন ৰাজ্যৰে গঠিত: অসম, অৰুণাচল প্ৰদেশ, মেঘালয়, নাগালেণ্ড, মণিপুৰ, মিজোৰাম আৰু ত্ৰিপুৰা; এইবোৰক সাধাৰণতে "সাতভনী" বুলি জনা যায়, আৰু "ভাই" ৰাজ্য ছিক্কিম। এই অঞ্চলৰ পৰ্যটন ভাৰতৰ বাকী অংশতকৈ পৃথক অনন্য হিমালয়ৰ ভূ-প্ৰকৃতি আৰু সংস্কৃতিক কেন্দ্ৰ কৰি গঢ় লৈ উঠিছে।[5]
তথ্য সংগ্ৰহ
[সম্পাদনা কৰক]- ↑ "North East Council". Archived from the original on 2012-04-15. https://web.archive.org/web/20120415001111/http://necouncil.nic.in/। আহৰণ কৰা হৈছে: 2012-02-19.
- ↑ "North Eastern Development Finance Corporation Ltd.". Archived from the original on 2012-03-25. https://web.archive.org/web/20120325021159/http://www.nedfi.com/about_nedfi.htm। আহৰণ কৰা হৈছে: 2012-02-19.
- ↑ Ministry of Development of Northeastern Region
- ↑ Ministry of Development of Northeastern Region Archived 2011-07-19 at the Wayback Machine from Northeast Vigil Archived 2007-05-04 at the Wayback Machine
- ↑ "North East Tourism". https://www.sotc.in/tourism/north-east-tourism। আহৰণ কৰা হৈছে: May 02, 2024.
বাহ্যিক সংযোগ
[সম্পাদনা কৰক]ৱিকিমিডিয়া কমন্সত উত্তৰ-পূব ভাৰত সম্পৰ্কীয় মিডিয়া ফাইল আছে। |
- [1] Cropping Pattern Changes in the North-Eastern Region of India: A Study on Influencing Factors (2010) by Phanindra Goyari
- North-East India on Facebook - an Eastern Fare initiative
- Eastern Panorama – North East India's 1st News Magazine
- North-East India on Facebook - The Telegraph
- Infobase of the indigenous Hmar people in NE India
- Sinlung – News of North East India
- Beautiful People of North East India Archived 2008-12-05 at the Wayback Machine
- Northeast Vigil – the largest and oldest information repository of information on the Northeast Archived 2007-05-04 at the Wayback Machine
- Arts of the tribal groups in the Northeast
- Books on North East India
- Photographs from the Seven Sister States of North East India Archived 2010-04-03 at the Wayback Machine
- The North East India Newsline Archived 2011-04-15 at the Wayback Machine
- Brief description about North-East India States
- North East India Imarat Shariah and Nadwatuth Tameer Archived 2012-04-26 at the Wayback Machine
তিব্বত, চীন,ভূটান | ||||
পশ্চিম বঙ্গ (ভাৰত), নেপাল | ম্যানমাৰ | |||
উত্তৰ-পূব ভাৰত | ||||
বাংলাদেশ | ম্যানমাৰ |