সাঁচিপাত
এই প্ৰবন্ধটোৰ সত্যাপনযোগ্যতা প্ৰমাণ কৰিবলৈ অধিক তথ্য-উৎসৰ প্ৰয়োজন। অনুগ্ৰহ কৰি বিশ্বাসযোগ্য উৎসৰ উল্লেখ কৰি প্ৰবন্ধটো উন্নত কৰাত সহায় কৰক। কিয়নো তথ্যৰ উৎসৰ উল্লেখ নকৰা প্ৰবন্ধক লৈ প্ৰশ্ন উঠিব পাৰে। অনুগ্ৰহ কৰি আলোচনা পৃষ্ঠাতো এই সম্পৰ্কীয় কিবা তথ্যৰ বাবে চক ফুৰাব।
অধিক সহায়ৰ বাবে কাষৰ "[দেখুৱাওক]" লিংকটোত ক্লিক কৰক।
উদ্ধৃতিৰ প্ৰয়োজনীয়তা এইবাবেই যে ৱিকিপিডিয়াত ব্যক্তিগত গৱেষণালব্ধ তথ্য গ্ৰহণযোগ্য নহয়, যদিহে ই কোনো নিৰ্ভৰযোগ্য উৎসৰ পৰা আহৰণ কৰা নহয়। মনত ৰাখিব যে ভুল তথ্যৰ বাবে পঢ়ুৱৈৰ ক্ষতিসাধন হ'ব পাৰে। তথাপিতো অসমীয়া ৱিকিপিডিয়া সৰু বাবে অনেক ক্ষেত্ৰত ঢিলাই দিয়া হয় বা কেতিয়াবা কেতিয়াবা দায়িত্বশীল সম্পাদকসকলৰ চকুৰ পৰা সাৰি যায় - তেতিয়া আপুনিয়েই প্ৰথম শাৰীত {{Reimprove}} বা {{Verify}} বুলি লিখি দিয়ে যেন। আনহাতে (অফলাইন) আলোচনীৰ বা বাতৰি কাকতৰ পৰা সহায় লৈ লিখা এটা প্ৰবন্ধৰ উত্সৰ সত্যতা নিৰূপন কৰিবৰ বাবে গৰিষ্ঠ সংখ্যক পাঠকৰ উপায় নাথাকে। তদুপৰি এই প্ৰক্ৰিয়াৰে কিছুমান দুষ্টলোকে ভুল ৰেফাৰেঞ্চৰেও পাঠকক দিগভ্ৰান্ত কৰি তুলিব পাৰে। অনলাইন উত্সৰ পৰা উদ্ধৃতিবোৰ দিলে এনে অসুবিধা নহয়। তেনে ক্ষেত্ৰত কোনোবাই আপত্তি কৰিলেও সত্যতা নিৰূপন কৰিবলৈ একো অসুবিধা নহয়। উল্লেখযোগ্য যে ব্যক্তিগত ব্লগৰ পৰা ৱিকিত উদ্ধৃতি দিয়া নিষেধ। |
সাঁচিপাত হৈছে সাঁচিগছৰ (Aquilaria agallocha) ছালৰ পৰা তৈয়াৰ কৰা মধ্যযুগীয় অসমত ব্যৱহৃত এক লেখন সামগ্ৰী। মূলতঃ এইবোৰ আছিল হাতেলিখা পুথি (manuscript)। ঐতিহাসিক দৃষ্টিকোণৰে অসমত সাঁচিপাতৰ ব্যৱহাৰ প্ৰায় সপ্তম-অষ্টম খ্ৰীষ্টীয় শতিকাৰপৰাই আৰম্ভ হৈছিল বুলি অনুমান কৰা হৈছে। অসমৰ সাহিত্যৰ প্ৰথম চানেকিস্বৰূপ চৰ্যাপদসমূহ এনে সাঁচিপাততেই লিখিত বুলি ঐতিহাসিকভাৱে স্বীকৃত। পৰৱৰ্তী সময়ত খ্ৰীষ্টীয় ১৫-১৬ শতিকাত মহাপুৰুষ শংকৰদেৱ-মাধৱদেৱ আৰু তেওঁলোকৰ অনুগামীসকলৰ তত্ত্বাৱধানত অসমৰ চুকে কোণে সিঁচৰিত হৈ থকা সত্ৰসমূত বিভিন্ন ধৰ্মপুথি, চৰিতপুথি আদি সাঁচিপাতত লিখিত হ'বলৈ ধৰে। এই পুথিসমূহ আজিও সত্ৰসমূহৰ সংগ্ৰহালয়ত সংগ্ৰহীত আৰু সংৰক্ষিত হৈ আছে। [1]
তৈয়াৰ কৰা প্ৰণালী
[সম্পাদনা কৰক]সাঁচিপাতৰ বাবে প্ৰথমে ১৫-১৬ বছৰ বয়সৰ সাঁচিগছ নিৰ্বাচন কৰি লোৱা হয়। এডাল পোন্ধৰ -বিশ বছৰীয়া পূৰঠ সাঁচিগছৰপৰা বহুকাল ধৰি বাকলি পাই থাকিব পাৰি। প্ৰথমে সাঁচিগছৰ বাকলিবোৰ চাৰি-পাছহাতমান ওখকৈ কাটি আনি বাকলিৰ ভিতৰৰ বগা ফালটো বাহিৰলৈ দি নুৰিয়াই বান্ধি সাদিনৰপৰা দহ বাৰদিনমানলৈ ৰ'দত শুকাবলৈ দিয়া হৈছিল। বাকলিবোৰ শুকাই পোন হোৱাৰ পাছত বাহিৰ ফালটো শিলেৰে ঘঁহি ঘঁহি নিমজ কৰি এৰাতিমান নিয়ৰত থৈ দিয়া হৈছিল। তাৰ পাছত আকৌ ঘঁহি-মাজি দুয়ো পিঠিৰ খহটা হৈ থকা অংশবোৰ মিহি কৰি তুলিছিল। তাৰপৰা দীঘলে তিনি-চাৰি বেগেতমান আৰু বহলে এক-দুই বেগেতমান জোখত এখন এখনকৈ কাটি উলিয়াইছিল। এই এখন এখনকৈ কাটি লোৱা সাঁচিপাতবোৰ বহু সময় ফটফটীয়া চেঁচা পানীত তিয়াই পিছত ৰ'দত ভালকৈ শুকুৱাই লৈ আকৌ শিলেৰে ঘঁহি ঘঁহি নিমজ কৰা হৈছিল। পিছত বটি লোৱা মাটিমাহেৰে পাতবোৰৰ ওপৰত লেও দি বা ঘঁহি ঘঁহি মিহি আৰু বগা কৰি লোৱা হৈছিল। এই বগা সাঁচিপাতবোৰ হেঙুল আৰু হাইতালৰ (দুবিধ বিহ) ৰঙেৰে বোলাই সোণবৰণীয়া কৰা হৈছিল। সেইবাবে এই পুথি পোকে কাটি নষ্ট কৰিব নোৱাৰিছিল। তদুপৰি পুথি থোৱা পেৰাও আছিল সৰল বা আগৰ কাঠৰ। মাটিমাহৰ লেও আৰু ৰং দিয়াৰ পাছত আকৌ পাতবোৰ ৰ'দত শুকুৱাই লোৱা হৈছিল। এই সাঁচিপাত বহুকাললৈ ভালে থাকে।[2]।[3]
মহী বা চিয়াঁহী তৈয়াৰ কৰা প্ৰণালী
[সম্পাদনা কৰক]কেঁচা শিলিখা, চৰুছাই, বৰা চাউলৰ ছাই, আমলখি ছাল, থেৰেজু ছাল, পাণ, কেহাৰাজ, লোৱাচুৰ, মাটিৰ চাকিৰ এঙেৰুৱা, আমছাল আৰু গৰুমুত এইবোৰ বস্তু একেলগে গোটাই লোহাৰ কেৰাহীত সিজাই মাটিৰ চৰু এটাত নিয়ৰত থৈছিল। এনেকৈ থোৱা চৰুটোৰ বাহিৰত ঘামি ঘামি যি ৰস ওলাইছিল সেয়ে মহী।
কলম প্ৰস্তুত কৰা প্ৰণালী
[সম্পাদনা কৰক]অসমত পোৱা কাপ ঢেঁকীয়া নামৰ এবিধ বনৰীয়া ঢেঁকীয়াৰ পাতৰ ঠাৰিডালক জোঙা কৰি কলম হিচাপে ব্যৱহাৰ কৰা হৈছিল। [4]।
চিত্ৰসম্ভাৰ
[সম্পাদনা কৰক]-
পুৰণি সাঁচিপাতৰ পুথি ৰখা বাকচ
-
গোলাঘাট জিলাৰ পুলিবৰ,কচু গাঁওৰ লক্ষ্যজিৎ গোহাঁইৰ ঘৰত সংৰক্ষিত পুৰণি সাঁচিপতিয়া পুথি
-
গোলাঘাট জিলাৰ পুলিবৰ,কচু গাঁওৰ লক্ষ্যজিৎ গোহাঁইৰ ঘৰত সংৰক্ষিত হৈ থকা সাঁচিপাতত লিখা কীৰ্ত্তন পুথিৰ এটি অংশ সম্যন্তক হৰণ।আসনত প্ৰাণ প্ৰতিষ্ঠাৰ বাবে বহুতো ঠাইত গুণমালা ব্যৱহাৰ কৰা হৈছিল যদিও পুৰণি দিনত এই পুথিৰ দ্বাৰাও অস্থায়ীভাৱে আসনত প্ৰাণ প্ৰতিষ্ঠা কৰা হৈছিল।
-
Sanchipatia Puthi(কীৰ্ত্তন পুথি)
-
Sanchipatia Puthi
-
গোলাঘাট জিলাৰ পুলিবৰ কচু গাঁওৰ নামঘৰত সংৰক্ষিত প্ৰায় ২৫০-৩০০ বছৰ পুৰণি সাঁচিপতিয়া পুথি(কীৰ্তন পুথি)।এই পুথিভাগত কিছু কিছু অংশত ছবি অংকিত হৈ আছে।
-
সাঁচিপতিয়া কীৰ্ত্তন পুথি
-
প্ৰায় ৩০০ বছৰ পুৰণি সাঁচিপতিয়া পুথি
-
গোলাঘাট জিলাৰ পুলিবৰ কচু গাঁওৰ লক্ষ্যজিৎ গোহাঁইৰ ঘৰত সংৰক্ষিত প্ৰায় ২৫০-৩০০ বছৰ পুৰণি সাঁচিপতিয়া পুথি(কীৰ্তন পুথি)।