শিলচৰ
শিলচৰ | |
---|---|
চহৰ | |
দেশ | ভাৰত |
ৰাজ্য | অসম |
জিলা | কাছাৰ জিলা |
উচ্চতা | ২২ মিটাৰ (৭২ ফুট) |
জনসংখ্যা (2011) | |
• মুঠ |
2,28,985 |
শিলচৰ ভাৰতৰ অসম ৰাজ্যৰ কাছাৰ জিলাৰ সদৰ চহৰ আৰু দক্ষিণ অসমৰ এটি প্ৰধান বাণিজ্যকেন্দ্ৰ। মণিপুৰৰ কিছু অংশ আৰু মিজোৰামৰ বাবে এই চহৰৰ অৰ্থনৈতিক গুৰুত্ব অপৰিসীম। শিলচৰত ভাৰতৰ বিভিন্ন ৰাজ্যৰ ব্যৱসায়ীয়ে বসতি স্থাপন কৰিছে।
বৰাক নদীৰ পাৰত অৱস্থিত এই চহৰক উত্তৰ-পূব ভাৰতৰে ভিতৰত শান্তিপূৰ্ণ ঠাই হিচাপে তেতিয়াৰ ভাৰতীয় প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীয়ে "শান্তিৰ দ্বীপ" আখ্যা দিছিল। [4] তৎকালীন পূৰ্ববঙ্গৰ চিলেটিসকল এই চহৰৰ অন্যতম প্ৰধান জনগোষ্ঠী। ভাত আৰু মাছ ইয়াৰ লোকসকলৰ প্ৰধান খাদ্য। ইয়াৰ উপৰিও "শুঁটকি" আৰু "চুঙা পিঠা" এই অঞ্চলৰ বিখ্যাত উপাদেয় খাদ্য।
বাঙালী আৰু মেইতেই (মণিপুৰী) এই অঞ্চলৰ চৰকাৰী ভাষা।[5][6][7]
ভৌগোলিক অৱস্থান
[সম্পাদনা কৰক]শিলচৰ অসমৰ দক্ষিণ সীমাত অৱস্থিত।[8] বৰাক নদীৰ পাৰত অৱস্থিত এই চহৰ চাহ, চাউল আৰু নানাৰকমৰ কৃষিজাত দ্ৰব্যৰ বাবে বিখ্যাত। পঞ্চগ্ৰাম কাগজ কল, চিমেণ্ট কাৰখানা আৰু চাহ-পাত উৎপাদন এই ঠাইৰ প্ৰধান শিল্প। গুৱাহাটীৰ পিছত শিলচৰ অসমৰ দ্বিতীয় বৃহত্তম নগৰ। শিলচৰ ভাৰতৰ অন্যান্য ঠাইৰ সতে ৰেল, স্থলপথ আৰু আকাশপথৰ মাধ্যমেৰে সংযুক্ত। গড় হিচাপত শিলচৰ সমুদ্ৰপৃষ্ঠৰ পৰা ২২ মিটাৰ (৭২ ফুট) উচ্চতাত আছে। [9]
ৰাজনীতি
[সম্পাদনা কৰক]শিলচৰ হৈছে শিলচৰ লোকসভা সমষ্টিৰ অংশ। শিলচৰৰ পৰা সংসদৰ বৰ্তমান সদস্য হৈছে সুস্মিতা দেৱ। তেওঁ ভাৰতীয় জাতীয় কংগ্ৰছৰ প্ৰবীণ ৰাজনীতিবিদ সন্তোষ মোহন দেৱৰ কনিষ্ঠ কন্যা। [10]
শৈক্ষিক প্ৰতিষ্ঠান
[সম্পাদনা কৰক]- অসম বিশ্ববিদ্যালয় শিলচৰত অৱস্থিত এখন কেন্দ্ৰীয় বিশ্ববিদ্যালয়।
- ৰাষ্ট্ৰীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান, শিলচৰ এতিয়া এখন প্ৰতীম বিশ্ববিদ্যালয়, অঞ্চলটোৰ ভিতৰতে প্ৰাচীনতম অভিযান্ত্ৰিক মহবিদ্যালয় আৰু ৰাষ্ট্ৰীয় গুৰুত্বৰ এখন প্ৰতিষ্ঠান।
- শিলচৰ চিকিৎসা মহাবিদ্যালয়, অসমৰ তৃতীয়খন চিকিৎসা মহাবিদ্যালয়।
- ত্ৰিগুনা সেন প্ৰযুক্তিবিদ্যাৰ বিদ্যালয়, অসম বিশ্ববিদ্যালয়[11]
- শিলচৰ পলিটেকনিক হৈছে এখন প্ৰতিষ্ঠান যিয়ে সকলো সম্মানীয় অভিযান্ত্ৰিক পাঠ্যক্ৰমত ডিপ্লমা পাঠ্যক্ৰম আগবঢ়ায়।[12]
- ঔদ্যোগিক প্ৰশিক্ষণ কেন্দ্ৰ (ITI) শিলচৰ চহৰৰ পৰা ৬ কিঃমিঃ দূৰৈৰ ত্ৰিকোণা নামে ঠাইত অৱস্থিত।
- ARIIT (Assam Rifles Institute of Information Technology) জেইল ৰোডত অৱস্থিত[13]
- C-DAC হৈছে এন.আই.টি. শিলচৰৰ চৌহদৰ ভিতৰত অৱস্থিত উচ্চ পৰ্যায়ৰ গণনা আৰু গৱেষণাৰ প্ৰতিষ্ঠান।[14]
- NIELIT (National Institute of Electronics and Information Technology) Silchar EC শিলচৰ ISBT ৰ প্ৰথম মহলাত অৱস্থিত। (Inter State Bus Terminus)[15]
দৰ্শনীয় স্থান
[সম্পাদনা কৰক]শিলচৰ চহৰৰ অন্যতম দৰ্শনীয় স্থানসমূহ হ'ল:
- খাচপুৰ: শিলচৰৰ পৰা ২০ কিঃমিঃ দূৰত্বত খাচপুৰ নামেৰে ডিমাচা কছাৰী ৰজাসকলৰ এক বিৰাট ঐতিহাসিক আৰু গুৰুত্বপূৰ্ণ ৰাজধানী গঢ়ি উঠিছিল। যাৰ নিৰ্মাণ ১৬৯০ খ্ৰীষ্টাব্দৰ মাজত হৈছিল। এই ঠাইৰ প্ৰধান আকৰ্ষণ হৈছে সিংহদ্বাৰ, সূৰ্যদ্বাৰ আৰু প্ৰাচীন ৰজাসকলৰ মন্দিৰ। মূল প্ৰাসাদটি প্ৰায় অস্তিত্বহীন, কিন্তু ইয়াৰ অধীনস্থ, প্ৰধান প্ৰৱেশদ্বাৰ, সূৰ্যদ্বাৰ, দেৱালয় অক্ষত অৱস্থাত আছে। প্ৰৱেশপথত হাতী-নিদৰ্শন আছে।
- ইচকন মন্দিৰ: বিশ্ব বিখ্যাত সনাতন নাটকীয় আধ্যাত্মিক সংগঠন (ইচকন)-ৰ দ্বাৰা পৰিচালিত শিলচৰ চহৰৰ অম্বিকাপট্টিস্থিত ভগৱান শ্ৰীকৃষ্ণ নিবেদিত মন্দিৰ আছে। প্ৰতিষ্ঠানটোৰ ওচৰতে ইচকন মন্দিৰৰ দ্বাৰা পৰিচালিত "গোবিন্দভোজনালয়" নামেৰে এখন নিৰামিষ ৰেস্তোৰাও আছে।
- গান্ধীবাগ পাৰ্ক: গান্ধীবাগ পাৰ্ক চহৰৰ কেন্দ্ৰ, পাৰ্ক ৰোডত অৱস্থিত। পাৰ্কখন মহাত্মা গান্ধীৰ নামেৰে নামকৰণ কৰা হৈছিল। পাৰ্কত ভাষা শ্বহীদসকলৰ এটি শ্বহীদ মিনাৰ আছে যিসকলে ১৯৬২ চনৰ ১৯ মে'ত বঙালী ভাষা ৰক্ষাৰ বাবে অসম চৰকাৰৰ বিৰুদ্ধে আন্দোলন কৰি তেওঁলোকৰ জীৱন উৎসৰ্গা কৰিছিল।
- ভুৱনেশ্বৰ মন্দিৰ: এই মন্দিৰটো সমগ্ৰ দক্ষিণ অসমৰ ভিতৰতে ভগৱান শিৱৰ সকলোতকৈ সুপ্ৰসিদ্ধ মন্দিৰ। শিলচৰৰ পৰা প্ৰায় ৫০ কিমি দূৰত আৰু ভুৱন পাহাৰৰ ওপৰত এই তীৰ্থস্থানখন অৱস্থিত। প্ৰতি মাৰ্চ মাহত শিৱৰাত্ৰিৰ সময়ত বহুতো মানুহে অনেক দূৰৰ পৰা শিৱৰ উপাসনা কৰিবলৈ ইয়ালৈ আহে। মন্দিৰটো সমতলৰ পৰা অন্ততঃ ১৭ কি়ঃমিঃ উচ্চতাত অৱস্থিত।
- কাঁচা কান্তি কালী মন্দিৰ: শিলচৰৰ পৰা প্ৰায় ১১ কিঃমিঃ অৰ্থাৎ দক্ষিণ অসমত দেৱী মা "কাঁচাকান্তি"-ৰ এক ঐতিহাসিক আৰু সুপ্ৰসিদ্ধ মন্দিৰ আছে। এই দেৱী দুই শক্তিশালী হিন্দু দেৱতা মা দুৰ্গা আৰু মা কালীৰ সংযোজন। মূল মন্দিৰটো কছাৰী ৰজাই ১৮০৬ খ্ৰীষ্টাব্দত নিৰ্মিত কৰিছিল। ১৮১৮ খ্ৰীষ্টাব্দ পৰ্যন্ত দেৱীৰ ওচৰত নৰবলি প্ৰদান কৰা হৈছিল। পুৰণি মন্দিৰটো ধ্বংস হৈ গৈছিল আৰু ১৯৭৮ খ্ৰীষ্টাব্দত নতুন মন্দিৰটো পুনঃ প্ৰতিষ্ঠাপিত কৰা হয়।
- মনিহৰণ সুৰংগ: ভুৱনেশ্বৰ মন্দিৰৰ পৰা প্ৰায় ৫ কিঃমিঃ দূৰৈত ই এক জনপ্ৰিয় স্মৃতি। পৱিত্ৰ নদী ত্ৰিবেনী এই সুৰংগৰ তলেৰে প্ৰবাহিত হয়। পৌৰাণিক কাহিনী মতে, এই সুৰংগটো এবাৰ ভগৱান শ্ৰীকৃষ্ণই ব্যৱহাৰ কৰিছিল। ভগৱান শ্ৰীকৃষ্ণ নিবেদিত মন্দিৰটোক মনিহৰণ সুৰংগ নামেৰে নামকৰণ কৰা হয়।
উল্লেখযোগ্য ব্যক্তি
[সম্পাদনা কৰক]আলোকচিত্ৰ
[সম্পাদনা কৰক]-
গ'লদিঘি ম'লৰ ভিতৰচ'ৰা
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ "Assam recognises Manipuri as associate official language in four districts" (en ভাষাত). Hindustan Times. 2024-02-24. https://www.hindustantimes.com/india-news/assam-recognises-manipuri-as-associate-official-language-in-four-districts-101708770769105.html। আহৰণ কৰা হৈছে: 2024-02-24.
- ↑ PTI (2024-02-24). "Assam Cabinet gives nod to recognise Manipuri as associate official language in four districts" (en-IN ভাষাত). The Hindu. ISSN 0971-751X. https://www.thehindu.com/news/national/other-states/assam-cabinet-gives-nod-to-recognise-manipuri-as-associate-official-language-in-four-districts/article67881260.ece.
- ↑ "Assam Cabinet gives nod to recognise Manipuri as associate official language in four districts" (en ভাষাত). The Indian Express. 2024-02-24. https://indianexpress.com/article/north-east-india/assam/assam-cabinet-recognise-manipuri-associate-official-language-four-districts-9178285/। আহৰণ কৰা হৈছে: 2024-02-24.
- ↑ লোকসভাত দিয়া বক্তব্য
- ↑ "Assam recognises Manipuri as associate official language in four districts" (en ভাষাত). Hindustan Times. 2024-02-24. https://www.hindustantimes.com/india-news/assam-recognises-manipuri-as-associate-official-language-in-four-districts-101708770769105.html। আহৰণ কৰা হৈছে: 2024-02-24.
- ↑ PTI (2024-02-24). "Assam Cabinet gives nod to recognise Manipuri as associate official language in four districts" (en-IN ভাষাত). The Hindu. ISSN 0971-751X. https://www.thehindu.com/news/national/other-states/assam-cabinet-gives-nod-to-recognise-manipuri-as-associate-official-language-in-four-districts/article67881260.ece.
- ↑ "Assam Cabinet gives nod to recognise Manipuri as associate official language in four districts" (en ভাষাত). The Indian Express. 2024-02-24. https://indianexpress.com/article/north-east-india/assam/assam-cabinet-recognise-manipuri-associate-official-language-four-districts-9178285/। আহৰণ কৰা হৈছে: 2024-02-24.
- ↑ শিলচৰৰ মানচিত্ৰ
- ↑ শিলচৰৰ ভৌগোলিক অৱস্থান
- ↑ "List of Parliamentary & Assembly Constituencies" (PDF). Assam. Election Commission of India. http://eci.nic.in/eci_main/press/List of Winning Candidated Final for 16th May.pdf। আহৰণ কৰা হৈছে: 2008-10-05.
- ↑ "TSSOT". http://www.aus.ac.in/TSSOT/। আহৰণ কৰা হৈছে: 8 June 2015.
- ↑ http://silcharpolytechnic.in/
- ↑ http://ampletrails.com/vtp-list/silchar-assam-rifles-institute-of-technology-418210002--silchar/
- ↑ http://cdac.in/index.aspx?id=pk_itn_spot919
- ↑ "আৰ্কাইভ কপি". Archived from the original on 2015-06-26. https://web.archive.org/web/20150626123519/http://www.guwahati.nielit.gov.in/aboutsec.php। আহৰণ কৰা হৈছে: 2015-06-26.
|