লীলাবাৰী বিমানবন্দৰ
লীলাবাৰী বিমানবন্দৰ | |||
---|---|---|---|
লীলাবাৰী বিমানবন্দৰৰ টাৰ্মিনেল ভৱন | |||
আইএটিএ: IXI – আইচিএঅ: VELR
| |||
সংক্ষিপ্ত | |||
প্ৰকাৰ | ৰাজহুৱা | ||
অধিকাৰী | ভাৰতীয় বিমান প্ৰাধিকৰণ | ||
অপাৰেটৰ | ভাৰতীয় বিমান প্ৰাধিকৰণ | ||
সেৱা | উত্তৰ লখিমপুৰ, ধেমাজি, ইটানগৰ | ||
অৱস্থান | লখিমপুৰ জিলা | ||
উচ্চতা | ৩৩০ ফুট / ১০১ মিটাৰ | ||
স্থানাঙ্ক | 27°17′44″N 094°05′52″E / 27.29556°N 94.09778°Eস্থানাংক: 27°17′44″N 094°05′52″E / 27.29556°N 94.09778°E | ||
ৱেবছাইট | |||
উড্ডায়ন পথ | |||
দিকনিৰ্দেশনা | দৈৰ্ঘ্য | উপৰিতল | |
ফুট | মিটাৰ | ||
০৮/২২ | ৭,৫০০ | ২,২৮৬ | কঙ্কিট/এস্ফাল্ট |
লীলাবাৰী বিমানবন্দৰ (আইএটিএ: IXI, আইচিএঅ’: VELR) ভাৰতৰ অৰুণাচল প্ৰদেশৰ নিকটবৰ্তী অসম ৰাজ্যৰ লখিমপুৰ জিলাত অৱস্থিত এটি আন্তৰাজ্যিক বিমানবন্দৰ। এই বিমনন্দৰৰ দ্বাৰা অসম আৰু অৰুণাচল প্ৰদেশ ৰাজ্যলৈ বিমানসেৱা উপলব্ধ হয়। বিমান বন্দৰটো উত্তৰ লখিমপুৰ নগৰৰ পৰা ৭ কিলোমিটাৰ দূৰৈত অৱস্থিত। অৰুণাচল প্ৰদেশত বৰ্তমান পৰিচালনত থকা কোনো বিমানবন্দৰ নাই, ৰাজ্যখন কেৱল অসম স্থিত বিমনবন্দৰসমূহৰ ওপৰত নিৰ্ভৰশীল। এই বিমানবন্দৰটোৰ পৰা প্ৰায় ২৮ লাখ বৰ্গ নটিকেল মাইলৰ বায়ুক্ষেত্ৰৰ সঞ্চালন নিয়ন্ত্ৰিত হয়।[1]
অৱস্থিতি
[সম্পাদনা কৰক]লীলাবাৰী বিমানবন্দৰৰ ভৌগোলিক স্থানাংক হৈছে 27°16′00″N 94°06′00″E / 27.2666667°N 94.1°E। বিমান বন্দৰটো উত্তৰ লখিমপুৰ নগৰৰ পৰা ৭ কিলোমিটাৰ দূৰৈত অৱস্থিত। অৰুণাচল প্ৰদেশৰ ৰাজধানী ইটানগৰৰ পৰা নিকটতম বিমানবন্দৰ (৫৭ কিমি) হৈছে লীলাবাৰী। অসমৰ বিমনবন্দৰসমূহৰ ভিতৰত লীলাবাৰী বিমানবন্দৰ অৰুণাচল প্ৰদেশৰ পৰা আটাইতকৈ ওচৰত। অৰুণাচলৰ বিমানবন্দৰসমূহত বৰ্তমান কোনো বাণিজ্যিক বিমান প্ৰচলন নহয়। সেয়ে ৰাজ্যখন কেৱল অসম স্থিত বিমনবন্দৰসমূহৰ ওপৰত নিৰ্ভৰশীল। বিমানবন্দৰটোৰ অন্য নিকটবৰ্তী বিমানবন্দৰসমূহ হৈছে জিৰো (৪০ কিমি), যোৰহাট (৬৩ কিমি), ডপৰিজো (৭৯ কিমি), ডিব্ৰুগড় (৯৪ কিমি) আদি।
উড্ডায়ন পথ আৰু সুবিধাসমূহ
[সম্পাদনা কৰক]বিমানবন্দৰটোৰ একমাত্ৰ উড্ডায়ন পথ (ৰানৱে)-টোৰ দৈৰ্ঘ্য ৭৫০০ ফুট (২২৮৬ মিটাৰ) আৰু ই সাগৰ পৃষ্ঠৰ পৰা ৩৩৩ ফুট (১০১.৫ মিটাৰ) উচ্চতাত অৱস্থিত।[2] বিমানবন্দৰটোত যিকোনো বতৰৰ পৰিস্থিতিতে এয়াৰবাছ-৩২০ অৱতাৰণৰ সুবিধা উপলব্ধ আছে।
লীলাবাৰীত মাত্ৰ এটাই আন্তৰাজ্যিক টাৰ্মিনেল আছে। এই টাৰ্মিনেলত বেগেজ ট্ৰলী, জিৰণী গ্ৰহণৰ সুবিধা, খোৱা পানী, টেক্সী সেৱা, গ্ৰাহক সুবিধা/সহায়তা তথা সূচনা কেন্দ্ৰ, দূৰভাষ কাউণ্টাৰ, অল্পাহাৰৰ সুবিধা আদি আছে।[3] এই বিমানবন্দৰৰ নতুন টাৰ্মিনেল ভৱনৰ উদ্ঘাটন লেফ্টেনেণ্ট জেনেৰেল এচ. কে. সিনহা, অসমৰ তৎকালিন ৰাজ্যপাল আৰু উত্তৰ-পূব পৰিষদৰ তৎকালিন অধ্যক্ষ কৰ কমলৰ দ্বাৰা কৰা হৈছিল। এই বিমানবন্দৰটোৰ মুঠ মাটিকালী ২২০.৬১ একৰ, যাৰ ৬২২৫ বৰ্গ মিটাৰ অঞ্চল ধৰি টাৰ্মিনেল ভৱনটো অৱস্থিত। ভৱনটোৰ ২৮২৩ বৰ্গ মিটাৰ অঞ্চল হৈছে প্ৰস্থান লাউঞ্জ আৰু ৯৬৬ বৰ্গ মিটাৰ অঞ্চল হৈছে আগমন লাউঞ্জ। এই ভৱনটোত যাত্ৰী ক্ষমতা ৪০০ জন আৰু নিৰ্মাণৰ মুঠ ব্যয় আছিল ৮.৪৫ কোটি টকা।[1][4] এপ্ৰণ ক্ষেত্ৰৰ আকাৰ ৩৫০x২৫০ ফুট।
বিমানসেৱা আৰু গন্তব্যস্থানসমূহ
[সম্পাদনা কৰক]এয়াৰলাইন | গন্তব্যস্থান |
---|---|
এয়াৰ ইণ্ডিয়া ৰিজনেল IC7765/7766 | ডিব্ৰুগড়, গুৱাহাটী |
ফটো গেলাৰী
[সম্পাদনা কৰক]-
বিমানবন্দৰটোত এটি বিমান ৰৈ থকা অৱস্থাত
-
এয়াৰচাইডৰ পৰা টাৰ্মিনেল ভৱনটো
-
লীলাবাৰী নিয়ন্তণ টাৱাৰ
-
বিমানবন্দৰটোৰ ডিবিঅ’আৰ
-
এয়াৰচাইড
-
উড্ডায়ন পথ (ৰানৱে)
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ 1.0 1.1 লীলাবাৰী এয়াৰপৰ্ট Archived 2016-03-05 at the Wayback Machine- এন.আই.চি
- ↑ "Lilabari - North Lakhimpur Airport (IXI)". Archived from the original on June 29, 2012. https://web.archive.org/web/20120629080542/http://www.airgorilla.com/airports/asia/india/lilabari-ixi.html। আহৰণ কৰা হৈছে: June 14, 2012.
- ↑ Lilabari-Airport Archived 2010-08-23 at the Wayback Machine-ekikrat.in
- ↑ Information about Lilabari Airport Archived 2009-04-10 at the Wayback Machine at lakhimpur.nic.in
বহিঃসংযোগ
[সম্পাদনা কৰক]ৱিকিমিডিয়া কমন্সত লীলাবাৰী বিমানবন্দৰ সম্পৰ্কীয় মিডিয়া ফাইল আছে। |
- Airport information for VELR at World Aero Data. Data current as of October 2006.
- Lilabari Airport, Lakhimpur - Wikimapia
|