সমললৈ যাওক

বাংলাদেশৰ চলচ্চিত্ৰ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
বাংলাদেশৰ চলচ্চিত্ৰ
ৰূপালী পৰ্দাৰ সংখ্যা ২১০টা চিত্ৰগৃহ (২০২৪)[1] (একক পৰ্দাৰ চিত্ৰগৃহ আৰু মাল্টিপ্লেক্স থিয়েটাৰকে ধৰি)
 • জনমূৰি ০.২ প্ৰতি ১০০,০০০ত (২০১৬)[2]
মূখ্য পৰিবেশক ইম্প্ৰেছ টেলিফিল্ম
টাইগাৰ মিডিয়া
জাজ মাল্টিমিডিয়া
মুঠ ৫১
মুঠ ৳ ১১০ কোটি (US$ ৯.২ )

বাংলাদেশৰ চলচ্চিত্ৰই (ইংৰাজী: Cinema of Bangladesh) বাংলাদেশৰ স্বাধীনতাৰ পূৰ্বৰ বা পৰৱৰ্তী সময়ৰ দেশখনৰ বিভিন্ন অঞ্চলত নিৰ্মিত ছবিসমূহক বুজায়। ঢাকা ভিত্তিক বাংলা ভাষাৰ চলচ্চিত্ৰ উদ্যোগৰ প্ৰভাৱশালী ঢালিউডৰ বাহিৰেও (যিটো ঢাকা আৰু হলিউডৰ সংযোজন) বাংলাদেশ আন কেইবাটাও ভাষা আৰু উপভাষাৰ চলচ্চিত্ৰ নিৰ্মাণৰ গৃহভূমি; উদাহৰণস্বৰূপে বান্দৰবন চাকমা চলচ্চিত্ৰ, শ্বেৰপুৰৰ গাৰো চিনেমা, চিলেটৰ মেইটেই আৰু চিলেটী চলচ্চিত্ৰ, চট্টগ্ৰামৰ চাটগঞা চলচ্চিত্ৰ। এই আঞ্চলিক চলচ্চিত্ৰসমূহে দেশৰ ভাষিক আৰু সাংস্কৃতিক ঐতিহ্য সংৰক্ষণ আৰু প্ৰসাৰৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। বাংলাদেশী চলচ্চিত্ৰৰ প্ৰধান শৈলী হৈছে মেল’ড্ৰামা, যিটো ১৯৪৭ চনৰ পৰা ১৯৯০ চনলৈকে বিকশিত হৈছিল আৰু আজিও প্ৰায়বোৰ ছবিৰ বৈশিষ্ট্য। বাংলাদেশত ১৮৯৮ চনত ব্ৰেডফোৰ্ড বায়’স্কোপ কোম্পানীয়ে চলচ্চিত্ৰৰ প্ৰচলন কৰে, যিয়ে বাংলাদেশত প্ৰথম ছবি মুক্তি দিয়াৰ কৃতিত্ব লাভ কৰিছে। ১৯১৩ চনৰ পৰা ১৯১৪ চনৰ ভিতৰত প্ৰথম প্ৰডাকচন কোম্পানী পিকচাৰ হাউচ মুকলি কৰা হয়। ১৯২৮ চনৰ চুটি নিৰ্বাক ছবি সুকুমাৰী আছিল এই অঞ্চলৰ প্ৰথম বঙালী প্ৰযোজনাৰ ছবি। প্ৰথমখন পূৰ্ণদৈৰ্ঘ্যৰ ছবি দ্য লাষ্ট কিছ ১৯৩১ চনত মুক্তি পাইছিল।[3]

পাকিস্তানৰ পৰা বাংলাদেশ পৃথক হোৱাৰ পিছত ঢাকা বাংলাদেশৰ চলচ্চিত্ৰ উদ্যোগৰ কেন্দ্ৰবিন্দু হৈ পৰে, আৰু ঢালিউডৰ ছবিয়ে ৰাজহ আহৰণ, নিৰ্মাণ আৰু দৰ্শকৰ সংখ্যাৰ দিশেৰে সিংহভাগ দখল কৰি আছে। ১৯৫৬ চনত বাংলা ভাষাৰ প্ৰথমখন পূৰ্ণদৈৰ্ঘ্য ছবি মুখ ও মুখোছ নিৰ্মিত হয়।[4] [5] ১৯৭০ৰ দশকৰ সময়ছোৱাত বহু ঢালিউডৰ ছবি ভাৰতীয় ছবিৰ দ্বাৰা অনুপ্ৰাণিত হৈছিল, কিছুমান ছবি ভাৰতীয় ছবিসমূহৰ অনাধিকাৰিক পুনৰ্নিৰ্মাণ আছিল। ক্ৰমশঃ উদ্যোগটোৰ বিকাশ হৈ থাকিল আৰু সমগ্ৰ ১৯৭০ৰ দশক, ১৯৮০ৰ দশক আৰু ১৯৯০ দশকৰ প্ৰথমাৰ্ধত বহুতো সফল বাংলাদেশী ছবি নিৰ্মিত হয়।

ফাতেহ লোহানী, জাহিৰ ৰাইহান, আলমগীৰ কবীৰ, খান আতাউৰ ৰহমান, সুভাষ দত্ত, এহতেশ্বাম, চাছি নজৰুল ইছলাম, কাজী হায়াত, শ্বেখ নিয়ামত আলী, টৌকিৰ আহমেদ, তনবীৰ মোকাম্মেল, তাৰেক মাছুদ, মৰ্ছেদুল ইছলাম, হুমায়ুন আহমেদ, কামাৰ আহমেদ চিমন, মস্তোফা সাৰৱাৰ ফাৰুকী, ৰেজৱান শ্বাহৰিয়াৰ চুমিত, আব্দুল্লাহ মহম্মদ সাদ হিমেল আশ্ৰফ, ৰাইহান ৰফি আৰু অন্য পৰিচালক সকলে আদিয়ে বাংলাদেশৰ মূলসুতি আৰু সমান্তৰাল চলচ্চিত্ৰলৈ উল্লেখযোগ্য অৱদান আগবঢ়াইছে। কিছুমানে বিশ্বব্যাপী প্ৰশংসাও লাভ কৰিছে।

যি সময়ত কলকাতা ভিত্তিক চলচ্চিত্ৰ প্ৰডাকচন হাউচ গঠন হৈছিল, সেই সময়ত পূৰ্ববংগৰ চিত্ৰগৃহত কলিকতা, বম্বে, মাদ্ৰাজ, হলিউড, পেৰিছ আদিত নিৰ্মিত ছবি প্ৰদৰ্শিত হৈছিল। ১৯১৩–১৪ চনত এখন মৰাপাটৰ ভৰালত বায়’স্কোপ প্ৰদৰ্শনেৰে ঢাকাত বায়’স্কোপৰ আৰম্ভণি হৈছিল। ইয়াৰ নাম পিকচাৰ হাউচ ৰখা হয় আৰু বৰ্তমানৰ বাংলাদেশত নিৰ্মাণ হোৱা প্ৰথম চিত্ৰগৃহ হিচাপে পৰিগণিত হয়।[4]

নিৰ্বাক যুগ

[সম্পাদনা কৰক]

১৯২৭–২৮ চনত ঢাকাৰ নবাব পৰিয়ালে সুকুমাৰী নামৰ এখন চুটি ছবি নিৰ্মাণ কৰে।[10] ছবিখনৰ প্ৰযোজকসকলৰ ভিতৰত আছিল খাজা আদিল, খাজা আকমল, খাজা নাছিৰুল্লা, খাজা আজমল, খাজা জহিৰ, খাজা আজাদ, চৈয়দ চাহেব আলম, আৰু অধ্যাপক আন্দলিব ছাদিনী। তেওঁলোকে নিজৰ অভিনেতাৰে ষ্টুডিঅ’ অবিহনে ছবি নিৰ্মাণ কৰিব বিচাৰিছিল। নায়কৰ চৰিত্ৰত খাজা নছৰুল্লাই অভিনয় কৰিছিল আৰু ছবিত নাৰীয়ে অভিনয় কৰা আইনবিৰুদ্ধ হোৱা বাবে নায়িকাৰ চৰিত্ৰত অভিনয় কৰিছিল চৈয়দ আব্দুছ সোভান নামৰ এজন পুৰুষ অভিনেতাই। নছৰুল্লাই পিছলৈ এজন ৰাজনীতিবিদ আৰু সোভান পাকিস্তানৰ কেন্দ্ৰীয় অসামৰিক সেৱাৰ প্ৰথম বঙালী সচিব হয়গৈ। সুকুমাৰীৰ এখন স্থিৰ ছবি বাংলাদেশৰ চলচ্চিত্ৰ আৰ্কাইভত ৰখা হৈছে।[4]

সুকুমাৰীৰ সফলতাৰ পিছত ৰাজপৰিয়ালে আৰু এটা ডাঙৰ উদ্যোগৰ সৈতে জড়িত হৈ পৰে।[6] পূৰ্ণদৈৰ্ঘ্যৰ নিৰ্বাক ছবি নিৰ্মাণ কৰিবলৈ পৰিয়ালটোৰ বাগিচাত এটা অস্থায়ী ষ্টুডিঅ' নিৰ্মাণ কৰে আৰু তেওঁলোকে ১৯৩১ চনত মুক্তি পোৱা দ্য লাষ্ট কিছ নামৰ এখন পূৰ্ণদৈৰ্ঘ্যৰ নিৰ্বাক ছবি নিৰ্মাণ কৰে।[7][8] মুখ্য অভিনেতা আছিল খাজা আজমল। জগন্নাথ মহাবিদ্যালয়ৰ শৰীৰচৰ্চাৰ শিক্ষক অম্বুজ গুপ্তই ছবিখন পৰিচালনা কৰিছিল আৰু ছবিখনৰ বাবে বঙালী আৰু ইংৰাজী ভাষাত চাব-টাইটল তৈয়াৰ কৰা হৈছিল। উৰ্দু চাব-টাইটল লিখিছিল ঢাকা বিশ্ববিদ্যালয়ৰ অধ্যাপক আন্দলিব ছাদানীয়ে। ঢাকাৰ মুকুল হলত দ্য লাষ্ট কিছ মুক্তি পায়। ইতিহাসবিদ ড° ৰমেশ চন্দ্ৰ মজুমদাৰে ছবিখনৰ প্ৰিমিয়াৰ শ্ব’ উন্মোচন কৰে। বহল পৰিসৰত প্ৰস্তুত কৰিবৰ বাবে ছবিখনৰ প্ৰিণ্ট কলকাতাৰ আৰোৰা কোম্পানীলৈ লৈ যোৱা হৈছিল। ছবিখনৰ বিকাশৰ সৈতে জড়িতসকলে ঢাকাক শিল্প, সাহিত্য আৰু চলচ্চিত্ৰৰ ক্ষেত্ৰত অনন্য কৰি তুলিব বিচাৰিছিল। তেওঁলোকৰ প্ৰডাকচন হাউছৰ নাম ৰখা হৈছিল ঢাকা ইষ্ট বেংগল চিনেমেট’গ্ৰাফ ছ’চাইটি। ই বাংলাদেশৰ প্ৰথম চলচ্চিত্ৰ নিৰ্মাতা সংস্থা।[4]

প্ৰাৰম্ভিক বিকাশ

[সম্পাদনা কৰক]
আকাশ আৰ মাটি (১৯৫৯)

১৯৪৭ চনলৈকে বাংলাদেশত প্ৰায় ৮০টা চিনেমা হল আছিল।[9]:pages 1, 3 ১৯৪৭ চনত ভাৰত বিভাজনৰ পিছত আব্বাছুদ্দিন আহমেদৰ দৰে বিভিন্ন ব্যক্তিয়ে স্বল্প আয়ুসৰ ছবি নিৰ্মাণ কৰা প্ৰডাকচন কোম্পানী কিছুমান গঠন কৰি ঢাকাক পূৰ্ববংগৰ সাংস্কৃতিক কেন্দ্ৰলৈ ৰূপান্তৰিত কৰাৰ প্ৰচেষ্টা চলিছিল। ১৯৪৮ চনৰ মাৰ্চ মাহত যেতিয়া পাকিস্তানৰ গৱৰ্ণৰ জেনেৰেল মহম্মদ আলী জিন্না পূব পাকিস্তান ভ্ৰমণ কৰিবলৈ আহিছিল, তেতিয়া ৰেডিঅ’ সম্প্ৰচাৰক আৰু চলচ্চিত্ৰ নিৰ্মাতা নাজিৰ আহমেদক কলকাতাৰ কাৰিকৰী লোকৰ সহায়ত ইন আৱাৰ মিষ্ট নামৰ ডকুমেণ্টৰী ছবি এখন নিৰ্মাণৰ দায়িত্ব দিয়া হৈছিল।

১৯৫২ চনত বঙালী ভাষা আন্দোলন হোৱাৰ দুবছৰৰ পিছত ঢাকাত শ্বহিদুল আলম, আব্দুল জব্বৰ খান, কাজী নুৰুজ্জামানৰ নেতৃত্বত চলচ্চিত্ৰ নিৰ্মাণ কোম্পানী কো-অপাৰেটিভ ফিল্ম মেকাৰছ লিমিটেড গঠন হয়। কোম্পানীটোৱে নাজিৰ আহমেদৰ পৰিচালনাত সলামত (১৯৫৪) নিৰ্মাণ কৰিছিল। ব্যৱসায়িকভাৱে সফল হোৱা ছবিখনে কোম্পানীটোৰ শ্ৰীবৃদ্ধিৰ হোৱাত সহায় কৰিছিল।[5] ১৯৫৫ চনত ইউনাইটেড ফ্ৰণ্টৰ শাসনকালত মুখ্য সচিব এন.এম. খানে ঢাকাৰ তেজগাওঁ থানাতএটা ফিল্ম ষ্টুডিঅ’ আৰু ৰসায়নগাৰ স্থাপন কৰে। পূব পাকিস্তানত নিৰ্মিত প্ৰথমখন সবাক পূৰ্ণদৈৰ্ঘ্যৰ ছবি আছিল মুখ ও মুখোছ ছবিখন আব্দুল জব্বৰ খানে পৰিচালনা কৰিছিল আৰু ১৯৫৬ চনৰ ৩ আগষ্টত পাকিস্তানৰ লাহোৰত মুক্তি পাইছিল। আব্দুল জব্বৰে পৰিচালনা আৰু অভিনয় কৰা ছবিখনত ইনাম আহমেদ, পূৰ্ণিমা সেন আৰু নাজমাইও অভিনয় কৰিছিল।[4][10]

১৯৭০ চনত নজৰুল ইছলামৰ স্বৰলিপি, টাকা আনা পাই আৰু জাহিৰ ৰাইহানৰ জীৱন থেকে নেয়াকে ধৰি মুঠ ৪১খন ছবি মুক্তি লাভ কৰে।

বঙালী চলচ্চিত্ৰৰ ইতিহাসত এক মাইলৰ খুঁটি হিচাপে গণ্য কৰা জীৱন থেকে নেয়া আছিল পাকিস্তানৰ শাসনকালত বঙালী ভাষা আন্দোলনৰ আধাৰত নিৰ্মিত এক ৰাজনৈতিক ব্যংগ। ইয়াত অভিনয় কৰিছে চৌকত আকবৰ, আনোৱাৰ হোছেইন, খান আতাউৰ ৰহমান, ৰৌচন জামিল, আব্দুৰ ৰাজ্জাক, কহিনুৰ আখতাৰ সুচন্দা, আমজাদ হোছেইন আৰু ৰ’জী চামাদে। ছবিখনক বাংলাদেশী জাতীয় পৰিচয়ক প্ৰতিনিধিত্ব কৰা এখন জাতীয় চলচ্চিত্ৰৰ উদাহৰণ হিচাপে বৰ্ণনা কৰা হৈছে।[11] ১৯৭০ চনৰ আন কেইখনমান উল্লেখযোগ্য ছবি হ’ল- কাৰিগিৰৰ মিচৰ কুমাৰী, ৰফিকুল বাৰীৰ তানসেন, ৰেবেকাৰ বিন্দু থেকে বৃত্ত, সুভাষ দত্তৰ বিনিময়, নিজামুল হকৰ কোথায় জেনো দেখেছি

বাংলাদেশৰ মুক্তিযুদ্ধৰ পূৰ্বে পূৰ্ববংগত, ১৯৭১ চনত মাত্ৰ ৬খন বঙালী ছবি আৰু দুখন উৰ্দু ছবিহে মুক্তি লাভ কৰিছিল। কেইখনমান উল্লেখযোগ্য সামাজিক নাট্যধৰ্মী ছবিৰ ভিতৰত আছে- অশোক ঘোষৰ নাচেৰ পুতুল, আলমগীৰ কুমকুমৰ স্মৃতিটুকু থাক, খান আতাউৰ ৰহমানৰ সুখ দুখ

বাংলাদেশ মুক্তিযুদ্ধ আৰম্ভ হোৱাৰ পাছতেই পূৰ্ববংগৰ জনসাধাৰণৰ দুৰ্দশাৰ প্ৰতি দৃষ্টি আকৰ্ষণ কৰিবলৈ ৰাইহানে গণহত্যা বন্ধ কৰক (Stop Genocide) শীৰ্ষক এখন তথ্যচিত্ৰ নিৰ্মাণ কৰিছিল। বাংলাদেশৰ প্ৰথম আন্তৰ্জাতিকভাৱে প্ৰশংসিত ছবিসমূহৰ ভিতৰত ই অন্যতম।[12]

স্বাধীনতাৰ পৰৱৰ্তীকাল

[সম্পাদনা কৰক]
বাংলাদেশ চলচ্চিত্ৰ উন্নয়ন নিগমৰ মুখ্যদ্বাৰ, ২০১১
২০১০ চনত অভিনেতা ৰিয়াজে প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাৰ পৰা ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা, ২০০৮ গ্ৰহণ কৰিছে

১৯৭১ চনৰ ডিচেম্বৰ মাহত ইষ্ট পাকিস্তান ফিল্ম ডেভেলপমেণ্ট কৰ্পোৰেচনৰ নাম সলনি কৰি বাংলাদেশ ফিল্ম ডেভেলপমেণ্ট কৰ্পোৰেচন কৰা হয়, যি ২০১০ চনলৈকে বাংলাদেশী চলচ্চিত্ৰ উদ্যোগৰ একমাত্ৰ প্ৰধান চলচ্চিত্ৰ ষ্টুডিঅ’ আৰু কালাৰ লেব আছিল। বেছিভাগ বাংলাদেশী ছবি এই ষ্টুডিঅ’ৰ পৰাই নিৰ্মাণ কৰা হৈছিল। বাংলাদেশে স্বাধীনতা লাভ কৰাৰ পিছত উৎপাদনৰ পৰিমাণ বৃদ্ধি পাই থাকিল; ১৯৯০ দশকৰ ভিতৰত বছৰি ৯০ খনতকৈও অধিক ছবি মুক্তি পাইছিল। সেই সময়ত চলচ্চিত্ৰ বিভাগৰ নেতৃত্বত আছিল আব্দুল জব্বৰ খান।[4] নব্বৈৰ দশকৰ প্ৰথমাৰ্ধত বাংলাদেশৰ চলচ্চিত্ৰ উদ্যোগ সমীক্ষা আৰু ব্যৱসায়িক দুয়োটা দিশতে সফল হৈছিল।

সত্তৰৰ দশকৰ বহু বাংলাদেশী চিনেমা যুদ্ধ বিষয়ক আছিল। স্বাধীন বাংলাদেশৰ প্ৰথমখন পূৰ্ণদৈৰ্ঘ্যৰ ছবি আছিল ১৯৭২ চনত মুক্তি পোৱা ওৰা এঘাৰোজন। ছবিখন পৰিচালনা কৰিছিল চাছি নজৰুল ইছলামে। ১৯৭০ চনত সমালোচক দ্বাৰা প্ৰশংসিত যুদ্ধ বিষয়ক ছবি নিৰ্মাণ কৰা আন চলচ্চিত্ৰ নিৰ্মাতাসকলৰ ভিতৰত আলমগীৰ কবীৰ, সুভাষ দত্ত আদি অন্যতম।[13] কবীৰৰ তিনিখন পূৰ্ণদৈৰ্ঘ্যৰ ছবিক ব্ৰিটিছ ফিল্ম ইনষ্টিটিউটৰ "শীৰ্ষ ১০খন বাংলাদেশী ছবি" ক্ৰিটিকচ চয়েছ তালিকাত অন্তৰ্ভুক্ত কৰা হৈছে।[14][15] তেওঁৰ ছবিসমূহৰ ভিতৰত আছে- ধীৰে বহে মেঘনা (১৯৭৩), সূৰ্যকন্যা (১৯৭৬), সীমনা পেৰিয়ে (১৯৭৭), ৰূপালী চৈকটে (১৯৭৯), মোহনা (১৯৮২), পৰিনীতা (১৯৮৪) আৰু মহানায়ক (১৯৮৫)। ১৯৭০ দশকৰ আন উল্লেখযোগ্য পৰিচালকসকলৰ ভিতৰত আছে- নাৰায়ণ ঘোষ মিতা,[16] আব্দুল্লা আল মামুন, জহিৰুল হক, আৰু আমজাদ হোছেইন। হকৰ ৰংবাজ বাংলাদেশৰ প্ৰথম বাণিজ্যিক একচন ছবিৰ ভিতৰত অন্যতম আছিল।

স্বাধীনতাৰ পিছত প্ৰথম আন্তৰ্জাতিক প্ৰশংসিত ছবিসমূহৰ ভিতৰত অন্যতম আছিল ১৯৭৩ চনত মুক্তি পোৱা তিতাচ একটি নদীৰ নাম, যাৰ পৰিচালক আছিল বিশিষ্ট ভাৰতীয় বঙালী পৰিচালক ঋত্বিক ঘটক। প্ৰবীৰ মিত্ৰই ছবিখনৰ মুখ্য চৰিত্ৰত অভিনয় কৰিছিল। ২০০২ চনত ব্ৰিটিছ ফিল্ম ইনষ্টিটিউটে কৰা দৰ্শক আৰু সমালোচকৰ সমীক্ষাত তিতাচ একটি নদীৰ নামে ১০খন শ্ৰেষ্ঠ বাংলাদেশী ছবিৰ তালিকাত শীৰ্ষস্থান দখল কৰে।[17] ১৯৭০ চনৰ আন কিছুমান উল্লেখযোগ্য ছবি হ’ল ফকৰুল আলমৰ জয় বাংলা (১৯৭২); চৈয়দ হাছান ইমামৰ লালন ফকিৰ (১৯৭২); কাজী জহিৰৰ অবুজ মন (১৯৭২); চাচি নজৰুল ইছলামৰ সংগ্ৰাম (১৯৭৪), অৰুণোদয়ৰ অগ্নিসাক্ষী (১৯৭২), সুভাষ দত্তৰ বসুন্ধৰা (১৯৭৭); নাৰায়ণ ঘোষ মিতাৰ আলোৰ মিচিল (১৯৭৪) আৰু লাথিয়াল (১৯৭৫); হাৰুনুৰ ৰছিদৰ মেঘেৰ অনেক ৰং (১৯৭৬); আমজাদ হোছেইনৰ গোলাপী এখন ট্ৰেনে (১৯৭৮); আব্দুল্লা আল মামুনৰ চাৰেং বৌ (১৯৭৮); আজিজুৰ ৰহমানৰ দ্বাৰা অশিক্ষিত (১৯৭৮); কাজী হায়াতৰ দ্য ফাদাৰ (১৯৭৯), আৰু শ্বেখ নিয়ামত আলী আৰু মছিউদ্দিন শ্বাকেৰৰ সূৰ্য দীঘল বাৰী (১৯৭৯)। সূৰ্য দীঘল বাৰী সমালোচকৰ প্ৰশংসিত ছবি আছিল আৰু ই বাংলাদেশী ছবিক পুনৰ আন্তঃৰাষ্ট্ৰীয় দৰ্শকৰ মাজত চিনাকি কৰাই দিছিল। আবু ইছাকৰ একে নামৰ উপন্যাসৰ আধাৰত ছবিখন নিৰ্মাণ কৰা হৈছিল। ১৯৭৫ চনত বাংলাদেশ চৰকাৰে ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা আৰু লগতে সৃষ্টিশীল ছবিৰ বাবে অনুদান পুঁজিও আৰম্ভ কৰে।

চৰকাৰী পৃষ্ঠপোষকতা

[সম্পাদনা কৰক]

বাংলাদেশী ছবিৰ পুনৰ উত্থানত বাংলাদেশ চৰকাৰে বৃহৎ ভূমিকা পালন কৰিছে। বাংলাদেশী চলচ্চিত্ৰ উন্নয়ন নিগম বাংলাদেশী চলচ্চিত্ৰৰ সহায়কাৰী হিচাপে প্ৰতিষ্ঠা কৰা হৈছিল। বাংলাদেশৰ সমান্তৰাল চলচ্চিত্ৰ আৰু কলাত্মক চলচ্চিত্ৰৰ উন্নয়নৰ বাবেও চৰকাৰে বছৰি প্ৰায় ১০ লাখ ডলাৰ ব্যয় কৰে। বাংলাদেশ চৰকাৰে ২০১২ আৰু ২০১৪–১৫ চনত বাংলাদেশী চলচ্চিত্ৰৰ আধুনিক কাৰিকৰী দিশত সমৰ্থন যোগাবলৈ এক কোটি ডলাৰতকৈ অধিক ধন ব্যয় কৰিছিল।

তথ্যউৎস

[সম্পাদনা কৰক]
  1. প্ৰতিবেদক, বিনোদন (9 July 2023). "চূড়ান্ত ১১ সিনেমা, ২০৮ হল" (bn ভাষাত). Prothom Alo. https://www.prothomalo.com/entertainment/dhallywood/dwyr2xgdhe. 
  2. Laghate, Gaurav (15 August 2016). "United Mediaworks expands footprint to Bangladesh". Economic Times. http://economictimes.indiatimes.com/industry/media/entertainment/media/united-mediaworks-expands-footprint-to-bangladesh/articleshow/53703262.cms. 
  3. "First full length film of Bangladesh" (en ভাষাত). researchgate.net. https://www.researchgate.net/publication/346493003_Fall_of_Bangladeshi_Film_Industry_Reasons_and_Implications। আহৰণ কৰা হৈছে: 2024-04-18. 
  4. 4.0 4.1 4.2 4.3 4.4 4.5 "History of Bangladeshi Film". Cholochitrocholochitro.com. Archived from the original on 14 December 2014. https://web.archive.org/web/20141214233817/http://www.cholochitro.com/index.php?option=com_content&task=view&id=33&Itemid=49। আহৰণ কৰা হৈছে: 1 December 2014. 
  5. 5.0 5.1 "Mukh O Mukhosh". bfa.gov.bd. Archived from the original on 29 November 2014. https://web.archive.org/web/20141129021323/http://www.bfa.gov.bd/movie/details.html?id=100। আহৰণ কৰা হৈছে: 14 November 2014. 
  6. "Dhaka Nawab Family and Film". Nawab Barinawabbari.com. http://www.nawabbari.com/main_arts.html?string=lastKiss.html। আহৰণ কৰা হৈছে: 1 December 2014. 
  7. "Did you know? First Pakistani silent movie makes it to international film fests". The Express Tribune. http://tribune.com.pk/story/611929/did-you-know-first-pakistani-silent-movie-makes-it-to-international-film-fests/. 
  8. "Did you know? First Pakistani silent movie makes it to international film fests". The Express Tribune. http://tribune.com.pk/story/611929/did-you-know-first-pakistani-silent-movie-makes-it-to-international-film-fests/. 
  9. A Brief History of Bangladesh Cinema, accessed 27 July 2006
  10. Waheed, Karim (12 August 2005). "Celebrating 50 years of our cinema". The Daily Star. http://thedailystar.net/2005/08/12/d50812140197.htm. 
  11. "Bangladesh National Cinema in the Age of Globalisation". Star Weekend Magazine (The Daily Star). 17 December 2004. Archived from the original on 23 April 2015. https://web.archive.org/web/20150423011619/http://archive.thedailystar.net/magazine/2004/12/03/cinema.htm. 
  12. "The making of Stop Genocide and disappearance of Zahir Raihan". The Daily Star. 19 December 2008. http://www.thedailystar.net/newDesign/news-details.php?nid=67680. 
  13. "Top 10 Bangladeshi Films". British Film Institute. 17 July 2007. http://www.bfi.org.uk/features/imagineasia/guide/poll/bangladesh/index.html। আহৰণ কৰা হৈছে: 17 October 2015. 
  14. Jinsie. "BFI South Asian Film (2002)". mubi.com. https://mubi.com/lists/bfi-south-asian-film-2002#read-more. 
  15. "Nigar Award 1962: 19 September 1963 Hotel Metropol Karachi.". http://www.oocities.org/thenigar/nigaraward1962.html। আহৰণ কৰা হৈছে: 14 April 2013. 
  16. "Top 10 Bangladeshi Films". British Film Institute. http://www.bfi.org.uk/features/imagineasia/guide/poll/bangladesh/index.html। আহৰণ কৰা হৈছে: 8 June 2014. 
  17. (bn ভাষাত)The Daily Star. 19 September 2020. https://bangla.thedailystar.net/node/173977. 

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]