ফুৰালুং ধৰ্ম
সৰ্বাধিক জনসংখ্যা বিশিষ্ট অঞ্চল | |
---|---|
অসম আৰু অৰুণাচল | |
ধৰ্ম | |
টাও ধৰ্ম, কনফুচিয়াছ ধৰ্ম, টাই জাতীয় ধৰ্ম | |
ধৰ্মগ্ৰন্থ | |
লিট্ লাই পেঞ কা কা | |
ভাষা | |
টাই-আহোম ভাষা | |
সম্পৰ্কিত সাম্পদায়িক গোটসমূহ | |
টাই-আহোম |
আম-ছু-ছিন ফুৰালুং বা চমুকৈ ফুৰালুং ধৰ্ম (আহোম: 𑜒𑜪 𑜏𑜥 𑜏𑜢𑜃𑜫 𑜇𑜥 𑜍𑜡 𑜎𑜤𑜂𑜫; অৰ্থ: মহান ড্ৰেগনৰ ধৰ্ম) আহোম সকলৰ পৰম্পৰাগত ধৰ্ম যি প্ৰাচীন পূব এছীয় ধৰ্মৰ এটা ঠাল।[1] আহোম সকলে ১২২৮ ত চাওলুং চুকাফাৰ লগত অসমলৈ আহোঁতে লগত তিনি শ্ৰেণীৰ পণ্ডিত ,বহুতো ধৰ্মপুথি আৰু ধৰ্মীয় পৰম্পৰা লৈ আহিছিল। আহোম ধৰ্মটো মূলতঃ পূৰ্বপুৰুষ উপাসনা ভিত্তিক। ইয়াত কিছু ক্ষেত্ৰত জীৱ উৎসৰ্গা কৰা হয় যাক বান-ফি বোলা হয়। পূৰ্বপুৰুষ উপাসনা আৰু খ্বন বিশ্বাস এই দুটা বস্তু অইন টাই সকলৰ পৰম্পৰাত দেখা যায়। আহোম ধৰ্মত সাধাৰণতে মূৰ্তিপূজা দেখা নাযায় মাত্ৰ এজন বিশেষ দেৱতাৰ বাহিৰে যাক কেৱল আহোম চাওফা সকলেহে অৰ্চনা কৰে। ধৰ্মটোত এখন স্বৰ্গীয় ঠাইৰ কথা উল্লেখ পোৱা যায় যাক মৌং-ফি বুলি কোৱা হয় আৰু ই চীনৰ টিয়েন নামৰ অংশত অৱস্থিত অৱশ্যে এই ধৰ্মত নৰকৰ দৰে ঠাইৰ কোনো উল্লেখ পোৱা নাযায়। এই ধৰ্মটো আহোম ৰাজ্যৰ ৰাজধৰ্ম আছিল।
নাম
[সম্পাদনা কৰক]টাই-আহোম ভাষাত ধৰ্মক আম-ছু-ছিন (𑜒 𑜪 𑜏𑜤 𑜏𑜢𑜃𑜫) বুলি কোৱা হয়।[2] নিজৰ মাজত আম-ছু-ছিনটোক জীয়াই ৰখা মহন-দেওধাই-বাইলুং সন্মিলন, অসমে ১৯৭৫ চনত অসম ফুৰালুং সংঘ গঠন কৰে আৰু আহোম সকলৰ ধৰ্মটোৰ নাম আম-চু-ছিন ফুৰালুং বা ফুৰালুং ধৰ্ম (𑜒𑜪 𑜏𑜥 𑜏𑜢𑜃𑜫 𑜇𑜥 𑜍𑜡 𑜎𑜤𑜂𑜫) ৰাখে।[3] ফুৰালুং শব্দৰ অৰ্থ মহান ড্ৰেগনৰ ধৰ্ম।[4]
বিৱৰণ
[সম্পাদনা কৰক]আহোম ধৰ্ম প্ৰাথমিকভাৱে ফি আৰু দাম (পূৰ্বপুৰুষ আত্মা) নামৰ দেৱতা পূজা ওপৰত ভিত্তি কৰে। পূৰ্বপুৰুষৰ উপাসনা আৰু খনৰ ধাৰণা অন্য তাই লোক ধৰ্মৰ সৈতে একেই সাদৃশ্য থকা দুটি উপাদান। যদিও হান (ফু) আৰু পুঃ সম্ভৱত তাও ধৰ্মৰ, যিন আৰু ইয়াং ধাৰণাৰ পৰা আহিছে। কুকুৰা আৰু লাও ,পানী দিয়া (নাম লাও) আৰু চেপা (লুক লাও) প্ৰসাদ ৰূপে দিয়া অন্যান্য টাইসকলৰ ধৰ্মতো যায়। আহোম ধৰ্মৰ পুৰোহিতক ম'-লৌঙ বোলা হয়। আহোম ধৰ্মৰ পৰম্পৰাগত দেওশালক ৰু'এন চাও ছেঙ আৰু বৰদেওশাল হ'-ফী নামেৰে পৰিচিত। ধৰ্মটো আহোমৰ পুৰোহিত শ্ৰেণীৰ দ্বাৰা সংৰক্ষিত কৰা আছিল।আহোমৰ ধৰ্ম সংস্কৃতিৰ পুনৰ উদ্ধাৰ অভিযানত তেওঁলোকে ধৰ্মটো প্ৰসাৰিত কৰিছিল আৰু সদৌ ফুৰালুং সংঘ নামে পৰিচিত এখন সমাজ গঠন কৰেছিল। বৰ্তমান সময়ত অসমৰ বিভিন্ন অংশত ফুৰালুং সমাজৰ শাখা খুলি তাৰ দ্বাৰা যথেষ্ট হ'-ফী নিৰ্মিত হৈছে।
লগতে চাওক
[সম্পাদনা কৰক]তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ "..Their religion is called Phuralung." Gogoi 2019
- ↑ (Phukan Baruah 1964:193)
- ↑ (Mohan 2018:36)
- ↑ (Gogoi 2018)
উৎস প্ৰসংগ
[সম্পাদনা কৰক]- Gogoi, Padmeshwar (1976), Tai Ahom Religion and Customs, Publication Board, Gauhati, Assam, https://ia801900.us.archive.org/30/items/in.ernet.dli.2015.99476/2015.99476.Tai-ahom-Religion-And-Customs.pdf
- Gogoi, Shrutashwinee (2011). Tai ahom religion a philosophical study (PhD). http://shodhganga.inflibnet.ac.in/handle/10603/116167। আহৰণ কৰা হৈছে: January 31, 2019.
- Gogoi, Nitul Kumar (2006) (en ভাষাত). Continuity and Change AMōng the Ahom. Concept Publishing Company. ISBN 9788180692819. https://books.google.co.in/books?id=DrN5_kseuDcC&pg=PA64&dq=ahom religion&hl=en&sa=X&ved=0ahUKEwjqscPs8cbgAhVH2LwKHRfcAusQ6AEILjAB#v=onepage&q=ahom religion&f=false.
- Phukan Baruah, B. N.N. (1964). Ahom lexicon. The government of Assam in the department of historical and antiquarian studies. https://books.google.co.in/books/about/Ahom_Lexicons.html?id=MfqkboCUdzwC&redir_esc=y.
- Mohan, Dipankar (2018), Ahom Revival Movement And The Ahom Preistly Class, Paripex - Indian Journal of Research, ISSN 2250-1991, https://www.worldwidejournals.com/paripex/recent_issues_pdf/2018/June/June_2018_1528292728__69.pdf&ved=2ahUKEwi_ptvb99eFAxVSe2wGHSmSDdAQFnoECBEQAQ&usg=AOvVaw1CeQSAsN8xQ7kqLYxRHnN0[সংযোগবিহীন উৎস]
বাহ্যিক সংযোগ
[সম্পাদনা কৰক]- Daoratanahong, Lakana; Edmondson, Jerold A.; Sinnott, Megan; Kanda, Yagi; Chonnabot, Mahāwitthayālai Mahidon Sathāban Wičhai Phāsā læ Watthanatham phư̄a Phatthanā; Thō̜ngdī, ʻĪam (1998) (en ভাষাত). Introduction to Tai-Kadai people: the International Conference on Tai Studies, July 29-31, 1998, Royal River, Bangkok. Institute of Language and Culture for Rural Development, Mahidol University. পৃষ্ঠা. 30. ISBN 9789746613491. https://books.google.co.in/books?id=xu1HAAAAMAAJ&q=Ahom Ngi Ngao Kham dragon&dq=Ahom Ngi Ngao Kham dragon&hl=en&sa=X&ved=0ahUKEwjAkePcqr_gAhUPfn0KHdLDCqcQ6AEILDAA.
- Sud̈ostasien, -Gesellschaft (2001) (en ভাষাত). Tai Culture: International Review on Tai Cultural Studies. SEACOM Sud̈ostasien-Gesellschaft. পৃষ্ঠা. 144. https://books.google.co.in/books?id=2H5uAAAAMAAJ&q=Ahom lit lai&dq=Ahom lit lai&hl=en&sa=X&ved=0ahUKEwjb5IK8zJzgAhVDtY8KHWbABdoQ6AEIPTAE.