দিগন্ত ওজা
জন্ম | ১৯৭২ অসম |
---|---|
ভাষা | অসমীয়া |
ৰাষ্ট্ৰীয়তা | ভাৰতীয় |
নাগৰিকত্ব | ভাৰতীয় |
উল্লেখনীয় কৰ্মৰাজি | প্ৰথম মহাসমৰ, অসম আন্দোলনৰ তথ্যকোষ (সম্পা.) |
উল্লেখযোগ্য বঁটা | সাহিত্য অকাডেমিৰ ‘শিশু সাহিত্য বঁটা’, ২০২২ |
দিগন্ত ওজা (ইংৰাজী: Diganta Oza) হৈছে এগৰাকী অসমীয়া সাংবাদিক, সম্পাদক, সাহিত্যিক। ‘অসমীয়া সমাজ জীৱনৰ বিৱৰ্তন’, ‘প্ৰথম মহাসমৰ’ আদি তেখেতৰ দ্বাৰা লিখা দুখন অন্যতম প্ৰাসংগিক গ্ৰন্থ৷ তেখেত ‘অসম শিশু সাহিত্য কোষ’ৰ ৪১ টা খণ্ডৰ সহযোগী সম্পাদক আছিল আৰু তেখেতৰ নেতৃত্বতেই ‘অসম আন্দোলনৰ তথ্যকোষ’৬টা খণ্ডত প্ৰকাশ হৈছে৷[1] তেখেতে প্ৰাগ নিউজৰ মুখ্য কাৰ্যবাহী সম্পাদক হিচাপে ২০২২ চনলৈকে কাৰ্যনিৰ্বাহ কৰিছিল৷ তেখেত ২০২২ চনত ‘ডাঙৰ মানুহৰ সাধু’ শীৰ্ষক গ্ৰন্থৰ বাবে ২০২২ বৰ্ষৰ সাহিত্য অকাডেমিৰ ‘শিশু সাহিত্য বঁটা’ লাভ কৰিছে৷[2] বৰ্তমান ওজা ২০২২ চনৰ জুলাই মাহত আৰম্ভ হোৱা ‘বাৰ্তা এন.ই’পৰ্টেলৰ মুখ্য সম্পাদক।
জন্ম আৰু বংশ পৰিচয়
[সম্পাদনা কৰক]অসমৰ বিশ্বনাথ জিলাৰ বিশ্বনাথ চাৰিআলিত ১৯৭২ চনত জন্ম৷ পিতৃৰ নাম ৰমেন ওজা, মাতৃৰ নাম ৰেণু ওজা৷
শিক্ষা
[সম্পাদনা কৰক]চাৰিআলি একাডেমিৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ আৰু বিশ্বনাথ কলেজৰ পৰা উচ্চতৰ মাধ্যমিক সম্পূৰ্ণ কৰি ওজাই উচ্চ শিক্ষাৰ বাবে গুৱাহাটীলৈ আহে৷ তেওঁ গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা স্নাতক উত্তীৰ্ণ হয়৷
কৰ্মজীৱন
[সম্পাদনা কৰক]ছাত্ৰ অৱস্থাতেই ওজাই ১৯৯৩ চনত অসমীয়া দৈনিক কাকত ‘আজিৰ সংবাদ’ৰ (অধুনালুপ্ত ) নিবন্ধ সম্পাদকৰূপে কৰ্মজীৱনৰ পাতনি মেলে৷ পৰৱৰ্তীকালত ‘আমাৰ অসম’ৰ উপ-বাৰ্তা সম্পাদক (১৯৯৭-২০০২) আৰু ‘জনসাধাৰণ’ৰ সহযোগী সম্পাদক (২০০৩-২০০৬)ৰ দায়িত্ব পালন কৰি ‘অসমীয়া প্ৰতিদিন’ত সহকাৰী সম্পাদকৰূপে ২০০৭ৰ জানুৱাৰীত যোগ দিয়ে৷ এমাহৰ পাছতে সেই কাকতগোষ্ঠীৰ পৰা প্ৰকাশিত সাহিত্য আলোচনী ‘সাতসৰী’ৰ কাৰ্যবাহী সম্পাদকৰ দায়িত্ব গ্ৰহণ কৰে৷ ২০১৫ৰ মে’ মাহলৈ সেই পদতে থাকি আলোচনীখনক নতুন চিন্তাৰ বাৰ্তাবাহক কৰাত ভূমিকা লয়৷ ২০১৫ৰ জুন মাহত তেওঁ টেলিভিছন চেনেল প্ৰাগ নিউজত যোগ দিয়ে৷ তেওঁ প্ৰাগ নিউজৰ মুখ্য কাৰ্যবাহী সম্পাদক হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল৷ দিগন্ত ওজা ১৯৯৬ চনত প্ৰকাশিত অসমীয়া ভাষাৰ প্ৰথমখন সম্পূৰ্ণ কিতাপ বিষয়ক আলোচনী ‘গ্ৰন্থ’ৰো আছিল সম্পাদক আৰু প্ৰকাশক৷ বৰ্তমান তেওঁ ‘বাৰ্তা এন.ই’ৰ মুখ্য সম্পাদক।
সাহিত্যৰাজি
[সম্পাদনা কৰক]প্ৰবন্ধ সংকলন
[সম্পাদনা কৰক]- অসমীয়া সমাজ জীৱনৰ বিৱৰ্তন, ভবানী বুকছ ২০১১, (অসমৰ সমাজ ইতিহাস সম্পৰ্কীয় monographic গ্ৰন্থ)
- প্ৰথম মহাসমৰ, জ্যোতি প্ৰকাশন, ২০১৪[3]
- সন্ধিক্ষণত মানুহ, গ্ৰন্থ, ২০০৬
- জীৱনৰ গদ্য, আঁক-বাক, ২০০৭
- সাঁচিপাতৰ পৰা লেপটপলৈ, পাঞ্চজন্য, ২০১১[4]
- সাহিত্যৰ দৃষ্টি আৰু সৃষ্টি, অসম পাবলিচিং কোম্পানী, ২০১৪
উপন্যাস
[সম্পাদনা কৰক]- জেহাদী, গ্ৰন্থ, ২০০১; ভবানী বুকছ, ২০১০
শিশু সাহিত্য
[সম্পাদনা কৰক]- ডাঙৰ মানুহৰ সাধু, বান্ধৱ, ২০২০
সম্পাদনা
[সম্পাদনা কৰক]- অসমীয়া সাহিত্যৰ e-সঁফুৰা, খণ্ড-১ (অতিথি সম্পাদক, সাহিত্য ডট অৰ্গৰ নিৰ্বাচিত লেখাৰ ছপাৰূপ), ভাষা সাহিত্য সন্মিলনী, অসম, ২০১২
- অসম আন্দোলনৰ তথ্যকোষ, অসম চুক্তি ৰূপায়ণ বিভাগ, ২০২০
- অসম শিশু সাহিত্য কোষ, সহযোগী সম্পাদক, কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ৰ পৰা প্ৰকাশিত ৪১টা খণ্ডৰ শিশু সাহিত্য সম্পৰ্কীয় কোষ।
বঁটা আৰু সন্মান
[সম্পাদনা কৰক]- ২০০৯ বৰ্ষত ‘সন্ধিক্ষণত মানুহ’ শীৰ্ষক গ্ৰন্থৰ বাবে ‘মুনীন বৰকটকী’ বঁটা৷[5]
- অনন্তৰাম দাস স্মৃতি বঁটা, ২০২০৷ [6]
- সাহিত্য অকাডেমিৰ ‘শিশু সাহিত্য বঁটা’, ২০২২
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ https://northeastreview.wordpress.com/2013/03/01/diganta-oza/
- ↑ [ https://www.aamarasom.com/detail-news/4801/প্ৰদ্যুম্ন-গগৈ,-দিগন্ত-ওজালৈ-অকাদেমিৰ-যুৱ-আৰু-শিশু-সাহিত্য-বঁটা "আমাৰ অসম"]. https://www.aamarasom.com/detail-news/4801/প্ৰদ্যুম্ন-গগৈ,-দিগন্ত-ওজালৈ-অকাদেমিৰ-যুৱ-আৰু-শিশু-সাহিত্য-বঁটা। আহৰণ কৰা হৈছে: 27 August 2022.[সংযোগবিহীন উৎস]
- ↑ https://www.amazon.in/Books-Diganta-Oza/s?rh=n:976389031,p_27:Diganta Oza
- ↑ https://www.amazon.in/Sanchipator-Pora-Laptopolai-Diganta-Oza/dp/8192177823/ref=sr_1_2?dchild=1&qid=1631772659&refinements=p_27:Diganta Oza&s=books&sr=1-2
- ↑ http://www.muninbarkotoki.org/english/trust/awrdlist.html
- ↑ ধ্ৰুৱজ্যোতি বৰা (জানুৱাৰী). গৰীয়সী. ঊনিত্ৰংশ বছৰ. pp. ২৮.