তৰা আপেল
Chrysophyllum cainito | |
---|---|
ফল | |
সংৰক্ষণ স্থিতি | |
বৈজ্ঞানিক শ্ৰেণীবিভাজন | |
Unrecognized taxon (ঠিক কৰক): | Chrysophyllum |
প্ৰজাতি: | C. cainito |
দ্বৈৰাশিক নামকৰণ | |
Chrysophyllum cainito L.[2] |
তৰা আপেল (ইংৰাজীঃ STAR APPLE, বৈজ্ঞানিক নামঃ Chrysophyllum cainito) হৈছে দক্ষিণ পূব এচিয়াৰ গ্ৰীষ্মমণ্ডলত উপলব্ধ এবিধ Sapotaceae পৰিয়ালৰ অন্তৰ্গত ফল। ই পানামাৰ ঠেক উপকূল অঞ্চলত উপলব্ধ এক স্থানীয় বৃক্ষজাতীয় গছৰ ফল। সময়ৰ লগত ইয়াৰ চাহিদাৰ প্ৰতি লক্ষ্য কৰি ইয়াৰ খেতি আৰম্ভ হৈছে।[3] সময়ৰ লগত ইয়াৰ খেতি বৃহত্তৰ এণ্টিলিছ আৰু ৱেষ্ট ইণ্ডিজলৈ বিয়পি পৰিছে আৰু বৰ্তমান দক্ষিণ-পূব এছিয়াকে ধৰি সমগ্ৰ ক্ৰান্তীয় অঞ্চলত ইয়াৰ খেতি কৰা হৈছে।[4] ই দ্ৰুতগতিত ডাঙৰ হয় আৰু ইয়াৰ উচ্চতা ২০ মিটাৰ পৰ্যন্ত হয়।
নাম
[সম্পাদনা কৰক]সাধাৰণ নাম Cainito আৰু Caimito সম্ভৱতঃ স্পেনিছ ভাষাত মায়ান শব্দ cab (ৰস), im (স্তন), আৰু vitis (ৰস)ৰ পৰা আহিছে।[5] তৰা আপেল স্থানীয় সাধাৰণ নাম। [6] ইয়াৰ ৰঙৰ লগত সংগতি ৰাখি কোনো কোনোৱে স্থানীয় ভাৱে বেঙুনীয়া আপেল বুলিও কয়।
বিৱৰণ
[সম্পাদনা কৰক]গছ
[সম্পাদনা কৰক]পাতবোৰ চিৰসেউজ, বিকল্প শিৰা, সৰল, ডিম্বাকাৰ, সম্পূৰ্ণ, ৫–১৫ চে.মি. দীঘল হয়। গছৰ পাতবোৰ দূৰৰ পৰা চালে তলৰ ফালটো সোণালী ৰঙেৰে জিলিকি উঠে। সৰু সৰু ফুলবোৰ বেঙুনীয়া বগা আৰু মিঠা সুগন্ধি গোন্ধ থাকে। গছজোপা হাৰ্মাফ্ৰডিটিক (আত্ম-উৰ্বৰ)ও। ইয়াৰ পৰা প্ৰচণ্ড গোন্ধ ওলায়।
ফল
[সম্পাদনা কৰক]ফলটো গোলাকাৰ আৰু সাধাৰণতে ইয়াৰ ব্যাস ২ৰ পৰা ৩ ইঞ্চি হয়।[7] পকিলে সাধাৰণতে ইয়াৰ ছাল বেঙুনীয়া হয় আৰু ফুলৰ পাহিবোৰৰ চাৰিওফালে ক্ষীণ সেউজীয়া অংশ দেখা যায়। ফলৰ ঠাৰি অংশত এটা জিলিকিথকা তৰাৰ দৰে বেটুপাতবোৰ দেখা যায়। ফলবোৰ কেতিয়াবা সেউজীয়া বগা আৰু হালধীয়া হয়। ছালত প্ৰচুৰ পৰিমাণে আঠা থাকে, আৰু ইয়াৰ আৰু ছালবোৰ খাব পৰা নহয়, ফলটো গুচাই খাব লাগে। চেপেটা গুটিবোৰ পাতল বাদামী আৰু কঠিন। ই ঋতু অনুসৰি ফল দিয়া গছ।
ফলবোৰ সতেজ ডেজাৰ্ট ফল হিচাপে ব্যৱহাৰ কৰা হয়; ই মিঠা আৰু প্ৰায়ে ঠাণ্ডা কৰি পৰিবেশন কৰা হয়। ইয়াৰ ফলটো গাঢ় বেঙুনীয়া, সেউজীয়া বাদামী আৰু হালধীয়া তিনিটা ৰঙতো থাকে। বেঙুনীয়া ৰঙৰ ফলৰ ছাল আৰু গঠন ঘন হোৱাৰ বিপৰীতে সেউজীয়া বাদামী ৰঙৰ ফলৰ ছাল পাতল আৰু অধিক তৰল ৰস থাকে; হালধীয়া ৰঙৰ জাতটো কম উপলব্ধ।
আফ্ৰিকাত গাম্বেয়া এলবিডা আৰু জি. আফ্ৰিকানাকে ধৰি কেইবাটাও সম্পৰ্কীয় প্ৰজাতি, যাক তৰা আপেল বুলিও কোৱা হয়, খেতি কৰা হয়। [8]
বৈজ্ঞানিক শ্ৰেণী বিভাজন | |
---|---|
ৰাজ্য | উদ্ভিদ |
Clade: | Tracheophytes |
Clade: | Angiosperms |
Clade: | Eudicots |
Clade: | Asterids |
বৰ্গ | Ericales |
পৰিয়াল | Sapotaceae |
গণ | Chrysophyllum |
প্ৰজাতি | C. cainito |
ফটো সংগ্ৰহ
[সম্পাদনা কৰক]-
কাটি থোৱা এটা তৰা আপেল
-
চিঙি অনা তাজা ফল
-
তৰা আপেল গছৰ ফল
-
বেঙুনীয়া, ৰঙা, সেউজীয়া ৰঙৰ ফল
তথ্য সংগ্ৰহ
[সম্পাদনা কৰক]- ↑ Condit, R. (2022). তৰা আপেল. p. e.T197735752A197789299.
- ↑ "তৰা আপেল (Star Aplle)" (ইংৰাজী ভাষাত). Royal Botanic Gardens, KewPlants of the World Online. https://powo.science.kew.org/taxon/304384-2। আহৰণ কৰা হৈছে: 28 February 2024.
- ↑ Petersen, Jennifer J.; Parker, Ingrid M.; Potter, Daniel (March 2014). "Domestication of the neotropical tree Chrysophyllum cainito from a geographically limited yet genetically diverse gene pool in Panama". Ecology and Evolution খণ্ড 4 (5): 539–553. doi:10.1002/ece3.948. ISSN 2045-7758. PMID 25035796.
- ↑ ”Chrysophyllum cainito” at AgroForestryTree Database at http://www.worldagroforestry.org/sea/products/afdbases/af/asp/SpeciesInfo.asp?SpID=524 Archived 2017-11-07 at the Wayback Machine.
- ↑ Suárez Molina, Victor (1996). Güémez Pineda, Miguel. ed (es ভাষাত). El español que se habla en Yucatán (3 সম্পাদনা). প্ৰকাশক Mérida: Universidad Autónoma de Yucatán. পৃষ্ঠা. 112. ISBN 9687556226.
- ↑ "Chrysophyllum cainito L.". Flora and Fauna Web, Government of Singapore. 13 December 2022. https://www.nparks.gov.sg/florafaunaweb/flora/2/8/2803। আহৰণ কৰা হৈছে: 3 March 2024.
- ↑ Boning, Charles R. (2006). Florida's Best Fruiting Plants: Native and Exotic Trees, Shrubs, and Vines. প্ৰকাশক Sarasota, Florida: Pineapple Press, Inc.. পৃষ্ঠা. 199. ISBN 1561643726.
- ↑ National Research Council (2008-01-25). "Star Apples". Lost Crops of Africa: Volume III: Fruits. Lost Crops of Africa. 3. National Academies Press. ISBN 978-0-309-10596-5. http://books.nap.edu/openbook.php?record_id=11879&page=317। আহৰণ কৰা হৈছে: 2008-07-17.