সমললৈ যাওক

অমৰা

অসমীয়া ৱিকিপিডিয়াৰ পৰা
অমৰা
পাত
কাণ্ডৰ নমুনা
জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজন
ৰাজ্য: Plantae
(অশ্ৰেণীকৃত): Tracheophytes
(অশ্ৰেণীকৃত): Angiosperms
(অশ্ৰেণীকৃত): Eudicots
(অশ্ৰেণীকৃত): Rosids
বৰ্গ: Sapindales
পৰিয়াল: Anacardiaceae
গণ: Spondias
প্ৰজাতি: S. pinnata
বৈজ্ঞানিক নাম
Spondias pinnata
(L.f.) Kurz
সমাৰ্থক
তালিকা
  • Spondias paniculata Roxb. ex Wight & Arn.
    Spondias mangifera Willd.
    Spondias macrophylla Wall.
    Spondias bivenomarginalis K.M. Feng & P.Y. Mao
    Spondias amara Lam.
    Spondias acuminata Roxb.
    Poupartia pinnata f. blanco
    Evia amara Comm. ex Bl.
    Mangifera pinnata L. f. [1]
    Tetrastigma megalocarpum W. T. Wang
    Wirtgenia decandra Jungh.

অমৰা (বৈজ্ঞানিক নাম: Spondias pinnata) (ইংৰাজী: Hog Plum) এবিধ টেঙাজাতীয় ফলযুক্ত গছ। ই ফিলিপাইনছ আৰু ইণ্ডোনেছিয়াৰ থলুৱা উদ্ভিদ যদিও দক্ষিণ এছিয়া, মূলভূমি দক্ষিণ-পূব এছিয়া، দক্ষিণ চীন আৰু চলোমন দ্বীপপুঞ্জত বিস্তৃতভাৱে প্ৰাকৃতিকীকৰণ হৈছে। ই Anacardiaceae পৰিয়ালৰ অন্তৰ্গত। ই ১,২০০ মিটাৰ (৩,৯০০ ফুট) পৰ্যন্ত নিম্নভূমি আৰু পাহাৰীয়া বনাঞ্চলত পোৱা যায়।

অমৰা এবিধ পৰ্ণপাতী উদ্ভিদ। অমৰা গছ প্ৰায় ১০–১৫ মিটাৰ (৩৩–৪৯ ফুট) ওখ হয় কেতিয়াবা ২৫ মিটাৰ (৮২ ফুট) পৰ্যন্ত ওখ হয়। ইয়াৰ কাণ্ড হালধীয়া বাদামী আৰু নোমহীন।[2] পাতবোৰ ডাঙৰ, ডালত যোৰ যোৰকৈ থাকে। পাতৰ ফলকৰ ব্যাস প্ৰায় ১০০ - ১৫০ মিলিমিটাৰ।

ব্যৱহাৰ

[সম্পাদনা কৰক]

টেঙা সোৱাদযুক্ত অমৰাৰ ফলবোৰৰ কেঁচাকৈ খাব পাৰি। ফলবোৰৰ পৰা জাম, জেলী বা ৰসো প্ৰস্তুত কৰা হয়। গাহৰিৰ খাদ্য হিচাপেও ব্যৱহাৰ কৰিব পাৰি (সেয়েহে ইয়াক "হগ প্লাম" বুলিও কোৱা হয়)।[3]

ফিলিপাইনছত অমৰাৰ পাত আৰু ফলক বিভিন্ন থলুৱা খাদ্য যেনে চিনিগাং, চিনাংলে বা লেইঙত টেঙা হিচাপে ব্যৱহাৰ কৰা হয়।<ref name="Florido">

ভাৰতত সৰিয়হৰ তেল, নিমখ, মছলাত আদি ব্যৱহাৰ কৰি অমৰাৰ ফল আচাৰ হিচাপে সংৰক্ষণ কৰি ব্যৱহাৰ কৰা হয়। আম আৰু অন্য আচাৰৰ লগতে ভাৰতৰ বহু ঠাইত ঘৰে ঘৰে অমৰাৰ আচাৰ পোৱা যায়।

তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]
  1. Suppl. Pl. 156. 1782
  2. "Spondias pinnata". Flora of China খণ্ড 11: 339. http://www.efloras.org/florataxon.aspx?flora_id=2&taxon_id=200012721। আহৰণ কৰা হৈছে: 8 March 2017. 
  3. Florido, Helen B.; Cortiguerra, Fe F. (2003). "Lesser Known Edible Tree Species". Research Information Series on Ecosystems খণ্ড 15 (3). http://erdb.denr.gov.ph/wp-content/uploads/2015/05/r_v15n3.pdf.